সেন্দুৰীয়া ৰং ফুটা দুগালতে
অভিমানে কিয় আঁচোৰে
দুপৰীয়া ৰ'দ সিচে কপালতে
বাৰে বাৰে কিয় অনুৰাগে
নৈ হোৱা,ঢৌৱাব
ৰং হৈ তুমি, বোলাই যোৱা
মেঘে বৰষিলে মোৰ ভাবনাতে
মেঘে বৰষিলে মোৰ ভাবনাতে
জেঠ সোণাৰুৰে ফুল ফুলি উঠে
মেঘে বৰষিলে মোৰ ভাবনাতে
জেঠ সোণাৰুৰে ফুল ফুলি উঠে
হালধীয়া, মোৰ হোৱা
ৰ'দ হৈ তুমি
ৰ'দাই যোৱা
চনকা জোনাকতে ৰৈ ৰৈ চোতালত
তোমালৈ বাটে চাম ম ই শৰতত
চনকা জোনাকতে ৰৈ ৰৈ চোতালত
তোমালৈ বাটে চাম ম ই শৰতত
ৰূপালী প্ৰহৰে লহৰ চুমিব
কপাহী আবেগে হাঁহিব-নাচিব
নৈ হোৱা,ঢৌৱাব
ৰং হৈ তুমি, বোলাই যোৱা





